বাইবেল · Indian Revised Version (Assamese)

গীতমালা 134

1 হে যিহোৱাৰ দাসবোৰ, তোমালোকৰ যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।

2 তোমালোকে পবিত্ৰ স্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা।

3 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0