বাইবেল · Indian Revised Version (Assamese)
গীতমালা 133
1 ই কেনে উত্তম আৰু কেনে আনন্দময় হয়, যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!
2 তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা, যি তললৈ দাঢ়িলৈকৈ নামি আহে, হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈ তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল!
3 সেয়ে হৰ্মোণ পর্বতৰ নিয়ৰৰ নিচিনা, যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল; কিয়নো তাত যিহোৱাই তেওঁৰ আশীৰ্ব্বাদৰ ৰায় দিলে, অনন্ত কালৰ নিমিত্তে জীৱনৰ ৰায় দিলে।
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0