বাইবেল · Indian Revised Version (Assamese)

গীতমালা 101

1 মই দয়া আৰু ন্যায় বিচাৰৰ গীত গাম; হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম।

2 মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।

3 মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম; বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ, সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।

4 কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব; দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব।

5 যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে, তেওঁক মই উচ্ছন্ন কৰিম; গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম।

6 দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব; তেওঁলোকে মোৰ সৈতে বাস কৰিব। যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব।

7 ছলনাকাৰীবোৰ মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব; মিথ্যাবাদীবোৰ মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব।

8 প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম; যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0