বাইবেল · Indian Revised Version (Assamese)
গীতমালা 100
1 হে সমুদায় পৃথিৱী, তোমালোকে যিহোৱাৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰা।
2 আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰা; আনন্দ গানেৰে সৈতে তেওঁৰ উপস্থিতিৰ সন্মুখলৈ আহাঁ;
3 তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ; তেঁৱেই আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই; আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ।
4 তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা, তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা; তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।
5 কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী; তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0