বাইবেল · Indian Revised Version (Assamese)

গীতমালা 140

1 হে যিহোৱা, দুষ্ট লোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা।

2 তেওঁলোকে মনে মনে কু-কল্পনা কৰে আৰু প্রতিদিনে যুদ্ধলৈ উত্তেজিত কৰে।

3 তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে; তেওঁলোকৰ ওঁঠৰ তলত কালসৰ্পৰ বিষ থাকে! [চেলা]

4 হে যিহোৱা, দুষ্টৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা; মোৰ ভৰি যেন উজুটি খায়, তাৰ বাবে তেওঁলোকে কৌশল ৰচিলে।

5 অহঙ্কাৰীবোৰে মোলৈ গুপুতে ফান্দ প্রস্তুত কৰিলে; তেওঁলোকে জৰীবোৰ জালৰ দৰে মেলিলে; তেওঁলোকে বাটৰ কাষত মোলৈ ফান্দ পাতিলে। [চেলা]

6 মই যিহোৱাক কলোঁ, “তুমিয়েই মোৰ ঈশ্বৰ; হে যিহোৱা, মোৰ কাকুতিৰ স্বৰলৈ কাণ পাতা।”

7 হে যিহোৱা, মোৰ প্ৰভু, মোৰ শক্তিশালী উদ্ধাৰকর্তা; যুদ্ধৰ দিনা তুমিয়েই মোক ৰক্ষা কৰিলা।

8 হে যিহোৱা, দুষ্ট লোকৰ বাঞ্ছা পূৰ্ণ নকৰিবা; তেওঁলোকৰ ষড়যন্ত্র সফল হবলৈ নিদিবা। [চেলা]

9 যি সকলে মূৰ উঠাই মোক বেৰি ধৰিছে, তেওঁলোকৰ ওঁঠে যি সকলো অপকাৰ কৰিলে, সেইবোৰে তেওঁলোকক ঢাকি ধৰক!

10 তেওঁলোকৰ ওপৰত জলন্ত আঙঠা পৰক! তেওঁলোকক জুইত পেলোৱা হওঁক! তেওঁলোক পুনৰায় উঠিব নোৱাৰাকৈ গভীৰ গাতত পেলোৱা হওঁক!

11 নিন্দকবোৰক পৃথিৱীত থিৰে থাকিবলৈ নিদিবা; অত্যাচাৰীজনক নিপাত কৰিবলৈ দুষ্ট লোকে চিকাৰ কৰিব!

12 মই জানো, যিহোৱাই দৰিদ্রৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব।

13 ধাৰ্মিকসকলে অৱশ্যে তোমাৰ নামৰ ধন্যবাদ কৰিব; ভক্তসকলে তোমাৰ সাক্ষাতে বসতি কৰিব।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0