বাইবেল · Indian Revised Version (Assamese)

গীতমালা 128

1 ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে;

2 তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা, তুমি সুখী হ’বা আৰু তোমাৰ মঙ্গল হ’ব।

3 তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব; তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তান সকল জিত গছৰ পুলিৰ নিচিনা হ’ব।

4 এইদৰে যিজনে যিহোৱালৈ ভয় ৰাখে, তেওঁ আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।

5 যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব; তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা।

6 এনে কি, তুমি তোমাৰ সন্তানৰ বংশকো দেখা পাবা। ইস্ৰায়েলৰ ওপৰত শান্তি হওক।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0