বাইবেল · Indian Revised Version (Assamese)
গীতমালা 108
1 হে ঈশ্বৰ, মোৰ মন সুস্থিৰ; মোৰ মন সুস্থিৰ আছে; মই গীত গাম; মোৰ প্ৰাণেৰে সৈতে প্ৰশংসাৰ গানৰ সুৰ তুলিম।
2 হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।
3 হে যিহোৱা, জাতি সমূহৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম। তেওঁলোকৰ মাজত তোমাৰ প্ৰশংসাৰ গান কৰিম।
4 কিয়নো তোমাৰ গভীৰ প্রেম আকাশমণ্ডলতকৈয়ো উচ্চ; তোমাৰ বিশ্ৱস্ততা মেঘ পর্যন্ত ব্যাপ্ত।
5 হে ঈশ্বৰ, আকাশমণ্ডলৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিৱীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
6 তুমি যি সকলক ভালপোৱা, তেওঁলোকে যেন উদ্ধাৰ পায়, তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা, আৰু মোক উত্তৰ দিয়া।
7 ঈশ্বৰে নিজৰ পবিত্ৰতাত প্রতিজ্ঞা কৰিলে, “মই আনন্দেৰে সৈতে চিখিম ভাগ বাঁটি দিম, চুক্কোতৰ উপত্যকাৰ জৰীপ কৰি ভাগ কৰি দিম।
8 গিলিয়দ মোৰেই, মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰদণ্ড;
9 মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; ইদোমৰ ওপৰলৈ মই মোৰ জোতা নিক্ষেপ কৰিম; পলেষ্টিয়াৰ ওপৰত মই বিজয়ৰ উচ্চ-ধ্বনি কৰিম।”
10 কোনে মোক সেই শক্তিশালী নগৰৰ ভিতৰলৈ লৈ যাব? কোনে ইদোমলৈকে মোক পথ দেখুৱাই লৈ যাব?
11 হে ঈশ্বৰ, তুমি আমাক জানো ত্যাগ কৰা নাই? আমাৰ সৈন্যসকলৰ লগত যুদ্ধলৈ তুমিতো পুনৰ নোযোৱা।
12 শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ; কিয়নো মানুহৰ সাহার্য বৃথা।
13 ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য কৰিম; কিয়নো আমাৰ শত্ৰুবোৰক তেৱেঁই ভৰিৰে গচকিব।
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0