বাইবেল · Indian Revised Version (Assamese)

হিতোপদেশ 9

1 প্ৰজ্ঞাই নিজৰ গৃহ নিৰ্মাণ কৰিলে; তেওঁ শিলৰ পৰা সাতটা স্তম্ভ কাটিলে।

2 তেওঁ ৰাতিৰ আহাৰৰ বাবে নিজৰ পশু আৰু দ্রাক্ষাৰস যুগুত কৰিলে; আৰু তেওঁ নিজৰ মেজ সজালে।

3 তেওঁ নিজৰ দাসীসকলক বাহিৰলৈ পঠাই নগৰৰ ওখ ঠাইৰ পৰা নিমন্ত্ৰণ কৰিলে।

4 “যিসকল অশিক্ষিত, তেওঁলোক ইয়ালৈ আহক!” যিসকল জ্ঞানশূন্য তেওঁলোকক তেওঁ ক’লে,

5 “আহাঁ, মোৰ আহাৰ ভোজন কৰা, আৰু মই মিহলাই থোৱা দ্ৰাক্ষাৰস পান কৰা।

6 শিক্ষাবিহীন পথ এৰি জীৱন ধাৰণ কৰা, সুবিবেচনাৰ পথত চলা।

7 যিজনে নিন্দক লোকক শিক্ষা দিয়ে, তেওঁ অপমান পায়, আৰু যিজনে দুষ্টক অনুযোগ কৰে, তেওঁ মনত আঘাত পায়।

8 তুমি নিন্দক লোকক অনুযোগ নকৰিবা, কৰিলে তেওঁ তোমাক ঘিণ কৰিব; জ্ঞানী লোকক অনুযোগ কৰা, তেওঁ তোমাক প্ৰেম কৰিব।

9 জ্ঞানী লোকক শিক্ষা দিয়া, তেওঁ অধিক জ্ঞানী হ’ব; ধাৰ্মিক লোকক শিক্ষা দিয়া, তেওঁ শিক্ষাত বৃদ্ধি পাব।

10 যিহোৱালৈ ভয় ৰখাই প্রজ্ঞাৰ আৰম্ভণ, আৰু পবিত্ৰজনাক জনাই সুবিবেচনা।

11 কিয়নো মোৰ দ্বাৰাই তোমাৰ আয়ুস বৃদ্ধি হ’ব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ বাঢ়ি যাব।

12 তুমি যদি জ্ঞানী, তেনেহ’লে তোমাৰ বাবেই তুমি জ্ঞানী, কিন্তু যদি তুমি নিন্দক, তেনেহ’লে তুমি অকলেই তাৰ ভাৰ ব’বা।”

13 অজ্ঞানী মহিলা কোলাহলপূৰ্ণ- তেওঁ অশিক্ষিত, আৰু তেওঁ একো নাজানে।

14 তেওঁ নিজৰ ঘৰৰ দুৱাৰত, আৰু নগৰৰ উচ্চ স্থানত বহে।

15 যিসকলে সেই পথেৰে যায়, তেওঁলোকক মাতে; সেই লোকসকল নিজ পথত গৈ থাকিলেও তেওঁ মাতে,

16 “যিসকলে শিক্ষা পোৱা নাই, তেওঁলোক ইয়ালৈ আহক!” যিসকল জ্ঞানশূন্য, তেওঁলোকক তেওঁ কয়,

17 “চুৰ কৰা পানী মিঠা, আৰু গুপুতে খোৱা আহাৰ অতি সুস্বাদু।”

18 কিন্তু মৃত্যু যে তাত আছে, আৰু তেওঁৰ অতিথি সকল যে চিয়োলৰ গভীৰ ঠাইত আছে, সেই কথা তেওঁ নাজানে।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0