বাইবেল · Indian Revised Version (Assamese)
ইয়োব 8
1 তেতিয়া চুহীয়া বিল্দাদে উত্তৰ দিলে আৰু ক’লে,
2 তুমি নো কিমান সময় এনেবোৰ কথা কৈ থাকিবা? তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ’ব?
3 ঈশ্বৰে জানো বিচাৰ বিকৃত কৰে? সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিকৃত কাৰ্য কৰে?
4 তোমাৰ সন্তান সকলে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে। আমি এইটো জানো যে, তেওঁলোকক নিজৰ অধৰ্মৰ ফল ভোগ কৰিবলৈ তেওঁ এৰি দিলে,
5 তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা, আৰু সৰ্ব্বশক্তিমান জনাৰ আগত নিবেদন কৰা,
6 তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা, তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ কাৰণে কাৰ্য কৰিব, আৰু তোমাৰ ধৰ্মনিবাস পুনৰায় কুশলযুক্ত কৰিব;
7 আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল, তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হ’ব।
8 কিয়নো পূৰ্বকালৰ লোকৰ কথা বিচাৰ কৰি চোৱা, আৰু তেওঁলোকৰ পিতৃসকলে মিমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ দিয়া;
9 কিয়নো আমি কালিৰ লোক, একোকে নাজানো; কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ।
10 তেওঁলোকেই তোমাক শিক্ষা দি নক’ব নে? আৰু তেওঁলোকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে?
11 জলাশয় নোহোৱাকৈ জানো প্যাপিৰাচ বাঢ়িব পাৰে? কুঁহিলা জানো পানী নোহোৱাকৈ বাঢ়ে?
12 সি জকমকাই উঠি আহোঁতে, কাটিবৰ সময় নৌ হওঁতেই, আনবোৰ তৃণতকৈ আগেয়ে শুকাই যায়।
13 ঈশ্বৰক পাহৰা সকলোৰে তেনেকুৱা গতি হয়, আৰু অধৰ্মি জনৰ আশা সেইদৰে নষ্ট হয়।
14 তাৰ ভাৰসা উচ্ছন্ন হয়, আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়।
15 সি নিজৰ ঘৰত আউজিব, কিন্তু সেয়ে থিৰে নৰব; সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব।
16 যি লতা সূৰ্যৰ আগত ৰসাল হয়, যাৰ ঠালবোৰ বাৰীত বিয়পি যায়,
17 যাৰ শিপাবোৰে শিলৰ দ’মত মেৰাই ধৰে, যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়,
18 কিন্তু সেই ব্যক্তিক নিজ ঠাইৰ পৰা উঘালি পেলোৱা হ’লে, সেই ঠায়ে অস্বীকাৰ কৰিব আৰু ক’ব, ‘মই তোমাক কেতিয়াও দিখা নাই’।
19 চোৱা, তেনেলোকৰ ব্যৱহাৰৰ এয়ে আমোদ; পাছত সেই ঠাইৰ পৰাই আন গছবোৰ উৎপন্ন হ’ব।
20 চোৱা, ঈশ্বৰে সিদ্ধলোকক দলিয়াই নেপেলাব, আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব।
21 তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে, আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব,
22 সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব; আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।”
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0