বাইবেল · Indian Revised Version (Assamese)
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 6
1 এতেকে, খ্ৰীষ্টৰ বিষয়ে আমি যি প্রাথমিক শিক্ষা পালোঁ, তাক পাছ পেলাই, আহক আমি পৰিপূর্ণতাৰ ফালে আগবাঢ়ি যাওঁ। পুনৰায় যেন আমি মৃত কৰ্মৰ পৰা মন-পৰিৱর্তন আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস,
2 নানা বাপ্তিস্ম আৰু হাত দিয়াৰ বিষয়ে শিক্ষা, মৃত লোকৰ পুনৰুত্থান আৰু স্থায়ী অনন্ত দণ্ডৰ বিষয়ে নতুনকৈ ভিত্তিমূল স্থাপন নকৰোঁ।
3 অৱশ্যে, ঈশ্বৰে অনুমতি দিলে আমি তাকেই কৰিম।
4 কিয়নো যি সকলে এবাৰ পোহৰ প্রাপ্ত হৈছে, তেওঁলোকেই স্বৰ্গীয় দানৰ আস্বাদ পালে আৰু পবিত্ৰ আত্মাৰ সহভাগী হ’ল৷
5 কিন্তু যি সকলে ঈশ্বৰৰ মঙ্গলবাক্যৰ আস্বাদ পালে, ভাবী যুগৰ নানা পৰাক্ৰমৰ বিষয়ে জানিলে
6 আৰু তাৰ পাছত ধৰ্ম ভ্ৰষ্ট হ’ল, তেওঁলোকক নতুনকৈ মন-পৰিৱর্তনৰ অর্থে পুণৰায় গঢ় দিয়া অসাধ্য; কাৰণ তেওঁলোকে নিজৰ অর্থে ঈশ্বৰৰ পুত্ৰক পুণৰ ক্ৰুচত দিলে আৰু প্ৰকাশ্যৰূপে মানুহৰ আগত তেওঁক নিন্দাৰ পাত্ৰ কৰিলে।
7 যি মাটিয়ে তাৰ ওপৰত ঘনে ঘনে পৰা বৰষুণ শুহি লয় আৰু সেই মাটি চহাই কাম কৰা সকলৰ কাৰণে সেই মাটিয়ে প্রয়োজনীয় শাক-পাচলি আদি উৎপন্ন কৰে, সেই মাটিয়ে ঈশ্বৰৰ আশীৰ্বাদ পায়।
8 কিন্তু সেই মাটিয়ে যদি কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰে, তেনেহলে ই অকামিলা হৈ যায় আৰু সেই মাটি অভিশপ্ত হোৱাৰ ভয় থাকে। তাৰ শেষগতি জ্বলন।
9 প্ৰিয় বন্ধু সকল, যদিও আমি এইবোৰ কথা কৈছোঁ, তথাপি অাপোনালোকৰ বিষয়ে হ’লে আমাৰ এনে দৃঢ় বিশ্বাস আছে যে, আপোনালোকৰ অৱস্থা ইয়াতকৈয়ো ভাল আৰু আপোনালোকে যি কৰি আছে, সেয়া পৰিত্রাণ লাভৰে পদক্ষেপ।
10 কিয়নো ঈশ্বৰ এনে অন্যায় বিচাৰক নহয় যে, আপোনালোকৰ পৰিশ্রম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোক সকলৰ প্রতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্রেম দেখুৱাই আছে; ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে।
11 আমি বিচাৰো, আপোনালোক প্রত্যেক জনে যেন শেষ পর্যন্ত একেই ধৰণৰ আগ্রহ দেখুওৱা লোক হয়। তাতে আপোনালোকে সম্পূর্ণকৈ নিশ্চিত হব যে, আপোনালোকৰ আশা পূর্ণ হব।
12 আপোনালোক এলেহুৱা হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰো, যি সকলে বিশ্বাস আৰু ধৈর্যৰ দ্বাৰাই ঈশ্বৰৰ বিধান সমূহ লাভ কৰে, আপোনালোক তেওঁলোকৰ অনুকাৰী হওক।
13 ঈশ্বৰে যেতিয়া অব্ৰাহামলৈ এটি প্ৰতিজ্ঞা কৰিছিল, তেতিয়া ঈশ্বৰতকৈ মহান কোনো নথকাত তেওঁ নিজৰ নামেৰেই শপত খাইছিল।
14 তেওঁ কৈছিল, “মই অৱশ্যেই তোমাক আশীৰ্বাদ কৰিম আৰু অতিশয়ৰূপে তোমাৰ বংশও বৃদ্ধি কৰিম।”
15 তাতে অব্রাহামে ধৈর্যেৰে অপেক্ষা কৰিলে আৰু পাছত তেওঁ সেই প্ৰতিজ্ঞাৰ ফল পালে।
16 মানুহে নিজতকৈ মহান কোনো ব্যক্তিৰ নামেৰেহে শপত খায়। শপতৰ দ্বাৰা নিজৰ প্রতিজ্ঞা ৰক্ষাৰ নিশ্চয়তা দান কৰিলে তেওঁলোকৰ সকলো বিবাদৰ অৱসান হয়।
17 সেইদৰে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰী সকলক শপতৰ মাধ্যমেদি নিশ্চয়তা দি অধিক স্পষ্টৰূপে দেখুৱাব বিচাৰিলে যে তেওঁৰ সেই উদ্দেশ্য অপৰিবর্তনীয়।
18 ঈশ্বৰে এই কার্য দুটা অপৰিবর্তনীয় বিষয়ৰ দ্বাৰাই কৰিছিল, যি বিষয়ত ঈশ্বৰে মিছা-কোৱা অসাধ্য। আমি যি সকলে ঈশ্বৰৰ ওচৰত আশ্রয় বিচাৰি পলাই গলো, আমি আমাৰ আগত থকা আশাক যেন দৃঢ়তাৰে ধৰিবলৈ প্রচুৰ উৎসাহ পাওঁ, তাৰ কাৰণে কৰিলে।
19 আমাৰ যি আশা আছে, সেই আশা আমাৰ আত্মাৰ লঙ্গৰ স্বৰূপ; সেয়ে নিশ্চিত আৰু দৃঢ়। সেই আশাই আঁৰ-কাপোৰৰ ভিতৰ ফালে মন্দিৰৰ মহা পবিত্র স্থানত আমাক প্রৱেশ কৰায়।
20 যীচু, যি জন মল্কিচেদকৰ ৰীতি অনুযায়ী চিৰকালৰ বাবে মহা-পুৰোহিত হ’ল, তেওঁ আমাৰ কাৰণে অগ্রগামী হৈ সেই ঠাইত প্রৱেশ কৰিলে।
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0