বাইবেল · Indian Revised Version (Assamese)

গীতমালা 95

1 আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোঁহক; আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক।

2 আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ; স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰোঁহক।

3 কিয়নো যিহোৱা মহান ঈশ্বৰ, সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা।

4 পৃথিৱীৰ সকলো গভীৰ স্থান তেওঁৰ হাতত আছে, পৰ্ব্বতবোৰৰ টিংবোৰো তেওঁৰেই।

5 সমুদ্ৰ তেওঁৰেই, কাৰণ তেৱেঁই তাক স্ৰজিলে; তেওঁৰ হাতে শুকান ভূমি নিৰ্ম্মাণ কৰিলে।

6 আহাঁ, আমি আঁঠুকাঢ়ি প্ৰণিপাত কৰোঁ, আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ আগত আঁঠু লওঁ;

7 কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ, আমি তেওঁৰ প্রজা; তেওঁৰ হাতৰ চৰণীয়া পথাৰৰ মেৰ-ছাগৰ নিচিনা। “আজি যদি তোমালোকে তেওঁৰ মাত শুনিলেহেঁতেন!”

8 তোমালোকৰ পূর্বপুৰুষসকলৰ দৰে তোমালোকে নিজৰ নিজৰ হৃদয় কঠিন নকৰিবা; তেওঁলোকে মৰুপ্রান্তৰৰ মাজত মিৰীবা আৰু মচ্ছাত মোৰ পৰীক্ষা কৰিছিল।

9 যদিও তোমালোকৰ পূর্বপুৰুষসকলে মোৰ কার্য দেখিছিল, তথাপিও তেওঁলোকে তাত মোক পৰীক্ষা কৰি প্রমাণ চাইছিল।

10 চল্লিশ বছৰ ধৰি সেই কালৰ লোকসকলৰ প্রতি মই বিৰক্ত হৈছিলো। মই কৈছিলোঁ, “এই লোকসকলৰ হৃদয় বিপথে পৰিচালিত হৈছে; তেওঁলোকে মোৰ পথ নাজানে।”

11 এই হেতুকে মই মোৰ ক্ৰোধত শপত খাই কৈছিলোঁ, “তেওঁলোক মোৰ বিশ্ৰামত সোমাব নাপাব।”

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0