বাইবেল · Indian Revised Version (Assamese)

গীতমালা 63

1 হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।

2 এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰ স্থানত তোমাক চাইছিলোঁ।

3 কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।

4 এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।

5 লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।

6 মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো; নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।

7 কিয়নো তুমি মোৰ সহায়কর্তা; তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম।

8 মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।

9 যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে, তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব।

10 তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব; আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব।

11 কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব; তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0