বাইবেল · Indian Revised Version (Assamese)

গীতমালা 59

1 হে মোৰ ঈশ্বৰ, শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা; মোৰ বিৰুদ্ধে উঠা সকলৰ পৰা মোক ওখ ঠাইত তুলি থোৱা।

2 অধৰ্মচাৰীবোৰৰ পৰা মোক ৰক্ষা কৰা; ৰক্তপাতী মানুহৰ পৰা মোক ৰক্ষা কৰা।

3 কিয়নো চোৱা, তেওঁলোকে মোৰ প্ৰাণলৈ খাপ দি আছে; হে যিহোৱা, মোৰ কোনো দোষ বা পাপ নাই তথাপিও বলৱন্তবোৰে মোৰ বিৰুদ্ধে গোট খাইছে।

4 তেওঁলোকে মোক বিনা-দোষে আক্ৰমণ কৰিবলৈ, দৌৰি দৌৰি আহি যুগুত হৈছে; তুমি মোৰ উপকাৰলৈ জাগি উঠা, মোলৈ দৃষ্টি কৰা।

5 হে ঈশ্বৰ যিহোৱা, তুমি সৰ্বশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ, তুমিয়েই সকলো জাতিক শাস্তি দিবলৈ উঠা; কোনো দুর্নীতিপৰায়ণ পাপীক দয়া নকৰিবা। [চেলা]

6 তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে গর্জন কৰে; নগৰৰ চাৰিওফালে ভ্ৰমণ কৰে।

7 চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে, তেওঁলোকৰ ওঁঠত তৰোৱাল আছে; কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?”

8 কিন্তু, হে যিহোৱা, তুমি তেওঁলোকক হাঁহা; তুমি সকলো জাতিকে উপহাস কৰিবা।

9 ঈশ্বৰ যিহোৱা মোৰ ব’ল, মই তোমালৈ অপেক্ষা কৰিম; কিয়নো হে ঈশ্বৰ তুমি মোৰ উচ্চ দুৰ্গ।

10 মোৰ ঈশ্বৰ দয়ালু, তেওঁৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা মোৰ সংগী; মোৰ শত্ৰুবোৰৰ পৰাজয়, ঈশ্বৰে মোক দেখিবলৈ দিব।

11 মোৰ লোকসকলে যেন পাহৰি নাযায়, তাৰ বাবেই তেওঁলোকক বধ নকৰিবা। হে প্ৰভু, আমাৰ ঢাল; তুমি তোমাৰ শক্তিৰে গোট গোট কৰি তেওঁলোকক হীন অৱস্থালৈ আনা।

12 তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে; তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক।

13 তুমি ক্ৰোধত তেওঁলোকক সংহাৰ কৰা যাতে তেওঁলোক আৰু নাথাকে; যাকোবৰ মাজত ঈশ্বৰে যে শাসন কৰে, পৃথিবীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক। [চেলা]

14 তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে ৰাও কাঢ়ক; নগৰত চাৰিওফালে ভ্ৰমণ কৰক।

15 তেওঁলোকে আহাৰৰ কাৰণে ইফালে সিফালে ফুৰিব; যদি তৃপ্ত নহয়, তেনেহলে বিৰক্তিত উজাগৰে থাকিব।

16 কিন্তু মই হলে তোমাৰ পৰাক্ৰমৰ গীত গাম; এনে কি, ৰাতিপুৱাতে উচ্চ স্বৰেৰে তোমাৰ দয়াৰ গীত গান কৰিম; কিয়নো তুমি মোৰ উচ্চ দুৰ্গ, সঙ্কটৰ কালত তুমি মোৰ আশ্ৰয় স্থান।

17 হে মোৰ বল, মই তোমাৰ উদ্দেশে প্ৰশংসাৰ গীত গান কৰিম; কিয়নো ঈশ্বৰ মোৰ উচ্চ দুৰ্গ, আৰু তেওঁ মোৰ দয়ালু ঈশ্বৰ।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0