বাইবেল · Indian Revised Version (Assamese)

গীতমালা 42

1 হৰিণীয়ে যেনেকৈ জুৰিলৈ অতি হাবিয়াহ কৰে, তেনেকৈ হে ঈশ্বৰ, মোৰ প্ৰাণ তোমাৰ বাবে আকুল হৈছে।

2 ঈশ্বৰৰ কাৰণে, জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে; মই কেতিয়া আহি ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’ম?

3 মোৰ চকুলো দিনে-ৰাতিয়ে মোৰ আহাৰ হ’ল, কিয়নো লোকসকলে ওৰে দিনটো মোক কয়, “তোমাৰ ঈশ্বৰ ক’ত আছে?”

4 কান্দোনত যেতিয়া মোৰ অন্তৰাত্মা ভাগি পৰে, তেতিয়া এইবোৰ কথা মই সোঁৱৰণ কৰোঁ পর্ব পালন কৰা লোক সমূহক লৈ মই কেনেকৈ আনন্দ-ধ্বনি আৰু ধন্যবাদেৰে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।

5 হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।

6 মোৰ প্ৰাণ মোৰ অন্তৰত নিৰাশ হৈছে; সেইবাবে মই যৰ্দ্দনৰ দেশৰ পৰা, হৰ্মোণ গিৰি-শ্ৰেণী আৰু মিচিয়ৰ পৰ্ব্বতৰ পৰা তোমাৰ কথা ভাবিছোঁ।

7 তোমাৰ জলপ্ৰপাতৰ শব্দত জল সমূহে জল সমূহক মাতিছে; তোমাৰ সকলো ঢৌ আৰু তৰঙ্গবোৰ মোৰ ওপৰেদি বৈ গৈছে।

8 যিহোৱাই দিনত তেওঁৰ গভীৰ প্রেমক মোৰ ওপৰত আদেশ কৰে আৰু ৰাতি তেওঁৰ গীত মোৰ সঙ্গী হয়; মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা।

9 মই মোৰ শিলা ঈশ্বৰক কম, “কিয় তুমি মোক পাহৰিলা? মই কিয় শত্রুৰ উপদ্রৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছো?”

10 মোৰ শত্ৰুবোৰে যেতিয়া মোক ঠাট্টা কৰি কৈ থাকে যে “তোমাৰ ঈশ্বৰ ক’ত আছে” তেতিয়া মোৰ এনে হ’য় যেন মোৰ শৰীৰৰ অস্থিবোৰ গুড়া হৈ গৈছে।

11 হে মোৰ প্রাণ, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেওঁ মোৰ সহায়, আৰু মোৰ ঈশ্বৰ।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0