বাইবেল · Indian Revised Version (Assamese)

গীতমালা 24

1 পৃথিৱী আৰু তাৰ সকলোৱেই যিহোৱাৰ, জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।

2 কিয়নো তেৱেঁই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেঁটি স্থাপন কৰিলে, পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে।

3 যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে? তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয় হ’ব পাৰে?

4 কেৱল সেই জনেই পাৰে, যি জনৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল; যিজনে মিছা কথালৈ নিজৰ মন নেমেলে, আৰু ছল কৰি মিছা শপত নাখায়।

5 তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব; তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্মিকতা পাব।

6 এই লোকসকলেই যিহোৱাক বিচাৰে, যাকোবৰ ঈশ্বৰৰ সাক্ষাত পাবলৈ বিচাৰে; তেওঁলোকেই যাকোবৰ বংশ। (চেলা)

7 হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।

8 সেই প্ৰতাপী ৰজা কোন? তেওঁ যিহোৱা, যিজন পৰাক্ৰমী আৰু মহান, তেওঁ যিহোৱা, যিজন যুদ্ধত মহান।

9 হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।

10 সেই প্ৰতাপী ৰজা কোন? তেওঁ বাহিনীসকলৰ যিহোৱা, তেওঁ গৌৰৱৰ ৰজা। (চেলা)।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0