বাইবেল · Indian Revised Version (Assamese)
নহিমিয়া 6
1 চনবল্লট, টোবিয়া, আৰবীয়া গেচম, আৰু আমাৰ অৱশিষ্ট শত্রুবোৰে যেতিয়া শুনিলে, যে মই দেৱাল পুনৰ নিৰ্ম্মাণ কৰিলোঁ; যদিও মই নগৰৰ চৌকাঠবোৰত দুৱাৰ খুউৱা নাছিলোঁ তথাপিও দেৱালত এটাও মুকলি হৈ থকা ভঙা অংশ বাদ পৰা নাছিল।
2 তেতিয়া চনবল্লট আৰু গেচমে মোৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “আহাঁ, আমি ওনো সমথলৰ কোনো এখন ঠাইত ল’গ হ’বলৈ গোট খাওহঁক।” কিন্তু তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ ইচ্ছা কৰিছিল।
3 মই তেওঁলোকলৈ বাৰ্ত্তাবাহকক কৈ পঠিয়ালোঁ, “মই এটা ডাঙৰ কাম কৰি আছোঁ, আৰু মই তললৈ নামি যাব নোৱাৰোঁ। এই কাম এৰি বা এই কাম বন্ধ কৰি মই কিয় আপোনালোকৰ ওচৰলৈ যাম?”
4 তেওঁলোকে মোৰ ওচৰলৈ চাৰিবাৰ সেই বৰ্ত্তা পঠালে, আৰু মই তেওঁলোকক প্রতিবাৰে একে দৰেই উত্তৰ দিলোঁ।
5 পঞ্চমবাৰ চনবল্লটে এখন খোলা চিঠিৰ সৈতে একে দৰেই নিজৰ দাসক মোৰ ওচৰলৈ পঠালে।
6 তাত এই দৰে লিখা আছিল, “দেশৰ মাজত এই সম্বাদ দিয়া হৈছে, আৰু গেচমেও কৈছে যে, আপুনি আৰু যিহুদীসকলে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰি আছে। সেই কাৰণে আপুনি পুনৰ দেৱাল নিৰ্ম্মাণ কৰিছে। এই সম্বাদৰ মতে, আপুনি তেওঁলোকৰ ৰজা হ’বলৈ খুজিছে।
7 আৰু যিৰূচালেমত আপোনাৰ বিষয়ে প্ৰচাৰ কৰাবলৈ আপুনি ভাববাদী সকলকো নিযুক্ত কৰিছে, তেওঁলোকে কৈছে, ‘যিহূদা দেশত এজন ৰজা আছে!’ এই সম্বাদ ৰজাই যে শুনিব আপুনি নিশ্চিত। সেই কাৰণে আহক, আমি ইজনে সিজনৰ লগত আলোচনা কৰোঁহক।
8 তাৰ পাছত মই তেওঁৰ ওচৰলৈ কৈ পঠালোঁ, “আপুনি কোৱাৰ দৰে কোনো কাৰ্য কৰা হোৱা নাই, কিন্তু সেইবোৰ আপোনাৰ মনেৰে সাজি কোৱা কথা।”
9 তেওঁলোকে কাম কৰাৰ পৰা নিজৰ হাত এৰাই চলিব, আৰু এই কাৰ্য যাতে সমাপ্ত কৰা নহয়, সেয়ে তেওঁলোক সকলোৱে আমাৰ মনত ভয় সুমুৱাব খুজিছে, কিন্তু হে ঈশ্বৰ এতিয়া আপুনি মোৰ হাত সবল কৰক।
10 মহেটবেলৰ পুত্র দলায়া, দলায়াৰ পুত্ৰ চময়া, তেওঁ নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল, মই তেওঁৰ ঘৰলৈ গ’লোঁ। তেওঁ ক’লে, “আহক আমি ঈশ্বৰৰ গৃহত, মন্দিৰৰ ভিতৰত একগোট হওঁহক, আৰু মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰোঁ, কাৰণ তেওঁলোকে আপোনাক বধ কৰিবলৈ আহি আছে। ৰাতিয়েই আপোনাক বধ কৰিবলৈ আহিব।”
11 মই উত্তৰ দিলোঁ, “মোৰ দৰে মানুহ এজনে পলাব নে? আৰু মোৰ দৰে মানুহ এজনে মাত্র জীয়াই থাকিবলৈ মন্দিৰৰ ভিতৰলৈ সোমাব নে? মই ভিতৰলৈ নাযাওঁ।”
12 মই অনুভৱ কৰিছিলোঁ যে, ঈশ্বৰে তেওঁক পঠোৱা নাছিল, কিন্তু টোবিয়া আৰু চনবল্লটে তেওঁক ভাড়া দিছিল, সেয়ে তেওঁ মোৰ অহিতে ভাববাণী প্ৰচাৰ কৰিছিল।
13 মোক ভয় খুৱাবৰ বাবে তেওঁলোকে তেওঁক ভাড়া দিছিল। তেওঁ যি কৈছিল, সেই দৰে কাম কৰি মই যেন পাপ কৰোঁ, আৰু তেওঁলোকে মোক দুৰ্নাম কৰি লজ্জিত কৰিব পাৰে, এই কাৰণেই তেওঁক ভাড়া দিয়া হৈছিল।
14 হে মোৰ ঈশ্বৰ, টোবিয়া আৰু চনবল্লটৰ এই কাৰ্য অনুসাৰে তেওঁলোকক, আৰু মোক ভয় দেখুৱাব খোজা নোৱদিয়া ভাববাদিনী আৰু অৱশিষ্ট ভাববাদী সকলকো সোঁৱৰণ কৰা।
15 ইলুল মাহৰ পঁচিশ দিনৰ দিনা, বাৱন্ন দিনৰ পাছত সেই দেৱাল সাজি সমাপ্ত হ’ল।
16 আমাৰ সকলো শত্রুৱে যেতিয়া এই কথা শুনিলে, তেতিয়া আমাৰ চাৰিওফালে থকা দেশীয় লোকসকলে ভয় খালে, আৰু নিজৰ দৃষ্টিত অতি হীন অনুভৱ কৰিলে। কিয়নো তেওঁলোকে জানিবলৈ পালে যে, এই কাম ঈশ্বৰৰ সহায়ৰ দ্ৱাৰাই সিদ্ধ হ’ল।
17 সেই সময়ত যিহূদাৰ প্ৰধান লোকসকলে টোবিয়াৰ ওচৰলৈ বহুতো চিঠি পঠিয়ালে, আৰু টোবিয়াৰ চিঠিও তেওঁলোকলৈ আহিলে।
18 তাতে যিহূদাৰ অনেক লোকে তেওঁৰ পক্ষে শপত খাইছিল; সেই বাবে তেওঁলোক বাধ্যত পৰিছিল। কাৰণ তেওঁ আৰহৰ পুত্ৰ চখনিয়াৰ জোঁৱায়েক আছিল। তেওঁৰ পুত্ৰ যিহোহাননে বেৰেখিয়াৰ পুত্ৰ মচুল্লমৰ জীয়েকক বিয়া কৰাইছিল।
19 তেওঁলোকে মোৰ আগত তেওঁৰ সৎকাৰ্য্যৰ কথা কৈছিল, আৰু মোৰ কথাৰ বিষয়েও তেওঁৰ আগত সম্বাদ দিছিল। মোক ভয় খুৱাবৰ বাবে টোবিয়াই চিঠি পঠিয়াইছিল।
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0