বাইবেল · Indian Revised Version (Assamese)
বিলাপ 5
1 হে যিহোৱা, আমালৈ যি ঘটিল, তাক সোঁৱৰণ কৰা। দৃষ্টি কৰা আৰু আমাৰ অপমান চোৱা।
2 আমাৰ আধিপত্য বিদেশীসকলৰ হাতলৈ গ’ল; আমাৰ ঘৰবোৰ বিজাতীয়সকলৰ অধিকাৰলৈ গ’ল।
3 আমি অনাথ আৰু পিতৃহীন হলোঁ, আমাৰ মাতৃসকল বিধৱা যেন হ’ল।
4 আমাৰ পানী আমি ধন দি পান কৰোঁ আৰু আমাৰ খৰি আমি দাম দি কিনো।
5 আমাৰ তাড়নাকাৰীবোৰে আমাৰ ডিঙিত যুৱলি লগাইছে। আমি শ্ৰান্ত হলোঁ আৰু অলপো বিশ্ৰাম নাপাওঁ।
6 আমি মিচৰীয়াহঁতৰ ফালে হাত মেলিলো, আৰু আহাৰেৰে তৃপ্ত হ’বৰ বাবে অচূৰীয়াহঁতলৈ হাতযোৰ কৰিলোঁ।
7 আমাৰ পূৰ্বপুৰুষসকলে পাপ কৰিলে, আৰু তেওঁলোক এতিয়া নাই, আমি তেওঁলোকৰ অপৰাধৰ ভাৰ বৈছোঁ।
8 আমাৰ ওপৰত বন্দীবোৰে শাসন কৰে, তেওঁলোকৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰোঁতা কোনোৱেই নাই।
9 আমাৰ প্ৰাণৰ সংশয়েৰেহে আমি আমাৰ আহাৰ আনো, অৰণ্যৰ তৰোৱালৰ কাৰণে,
10 দুৰ্ভিক্ষৰ জ্বলন্ত তাপৰ কাৰণে; আমাৰ ছাল তন্দুৰৰ নিচিনাকৈ জ্বলে।
11 শত্ৰুবোৰে চিয়োনত মহিলাসকলক বলাৎকাৰ কৰিলে, সিহঁতে যিহূদা নগৰবোৰত কুমাৰীসকলক ভ্ৰষ্টা কৰিলে।
12 প্ৰধান লোকসকলক হাতত ডোল লগাই ওলোমাই দিয়া হ’ল, বৃদ্ধাসকলৰ মুখক আদৰ কৰা নহ’ল।
13 ডেকাসকলে জাঁত-শিল বলে, আমাৰ লৰাসকলে খৰিৰ ভৰত উজুটি খালে।
14 বৃদ্ধসকলে ঘৰ-দুৱাৰ ত্যাগ কৰিলে, ডেকাসকলে গানবাদ্য এৰিলে।
15 আমাৰ মনৰ উল্লাস গ’ল; আমাৰ নাচবাগ গুচি শোক হ’ল।
16 আমাৰ মুৰৰ পৰা মুকুটটি খহি পৰিল! আমাৰ সন্তাপ হ’ল! কিয়নো আমি পাপ কৰিলোঁ!
17 এই কাৰণে আমাৰ অন্তৰ পীড়িত হ’ল, এইবোৰৰ বাবে আমাৰ চকু দুৰ্ব্বল হ’ল,
18 কিয়নো চিয়োন পৰ্ব্বতক ধংস কৰা হ’ল, তাৰ ওপৰত শিয়ালবোৰ ফুৰে।
19 হে যিহোৱা, তুমি চিৰকাললৈকে আছা, তোমাৰ সিংহাসন পুৰুষানুক্ৰমে আছে।
20 তুমি চিৰকাললৈকে আমাক কিয় পাহৰিলা? আৰু ইমান কাল আমাক কিয় ত্যাগ কৰিবা?
21 হে যিহোৱা, তোমালৈ আমাক উভতাই আনা, তেতিয়াহে আমি অনুতপ্ত হ’ম; আগৰ কালৰ নিচিনা আমাৰ দিন পুনৰায় কৰা,
22 যদিহে তুমি আমাক সম্পূৰ্ণকৈ ত্যাগ কৰা নাই, আৰু আমাৰ অহিতে অতিশয় ক্ৰুদ্ধ হোৱা নাই!
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0