বাইবেল · Indian Revised Version (Assamese)

যিচয়া 27

1 সেই দিনা যিহোৱাই তেওঁৰ চোকা, ডাঙৰ, আৰু শকত তৰোৱালৰ সৈতে, দ্ৰুতগামী লিবিয়াথন নাগক, আৰু বেকাঁবেঁকিকৈ যোৱা লিবিয়াথন নাগক দণ্ড দিব, আৰু সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব।

2 সেইদিনা- “এখন মনোৰম দ্ৰাক্ষাবাৰীত, সেই বিষয়ে গান কৰিবা।

3 “মই যিহোৱাই তাৰ প্রতিপালক, মই প্ৰতি নিমিষতে তাত পানী দিওঁ; মই দিনে ৰাতিয়ে তাক পহৰা দিওঁ যাতে কোনোৱে তাক হানি নকৰে।

4 মই ক্ৰোধ কৰা নাই; অহ, কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি, যুদ্ধত মই তেওঁলোকৰ বিৰুদ্ধে গলে! মই সেইবোৰক একেলগে দগ্ধ কৰিম।

5 নতুবা সি মোৰ পৰাক্ৰমৰ আশ্ৰয় লওক, আৰু মোৰে সৈতে সন্ধি কৰক, মোৰে সৈতে সন্ধি কৰিবলৈ দিয়া হওক।

6 ভবিষ্যত দিনত যাকোবে শিপা ধৰিব; ইস্ৰায়েলে কলি ধৰিব আৰু ফুলিব, আৰু তেওঁলোকে ভূ-মণ্ডলক ফলেৰে পৰিপূৰ্ণ কৰিব।”

7 তেওঁ ইস্ৰায়েলৰ প্ৰহাৰকক যেনেকৈ প্ৰহাৰ কৰিছিল, তেনেকৈ তেওঁ ইস্ৰায়েলক প্ৰহাৰ কৰিলে নে? তাৰ দ্বাৰাই হ’ত হোৱাসকলৰ হত্যাৰ দৰে জানো তেওঁৰ হত্যা হ’ল নে?

8 তেওঁ যাকোব আৰু ইস্ৰায়েলক যুদ্ধলৈ পঠাই দিয়াৰ দ্বাৰাই দণ্ড দিছা; তেওঁৰ পূব দিশৰ বতাহৰ দিনা নিজৰ প্ৰবল বায়ুৰ দ্বাৰাই তেওঁক স্থানান্তৰিত কৰিলে।

9 এই হেতুকে ইয়াৰ দ্বাৰাই, যাকোবৰ অপৰাধ মোচন কৰা হ’ব, ইয়াৰ বাবে তেওঁৰ পাপ মোচন কৰাৰ এইয়ে সকলো ফল, আচেৰাৰ স্তম্ভবোৰ, প্ৰতিমাবোৰ পুনৰাই তুলিব নোৱাৰাকৈ, আৰু যজ্ঞবেদীবোৰ তেওঁ শিলবোৰৰ দৰে কৰিব।

10 কিয়নো গড়েৰে আবৃত নগৰ পৰিত্যক্ত হ’ব, আৰু মানুহ নথকা বাসস্থান হৈ অৰণ্যৰ দৰে নিৰ্জন হ’ব; তাত দামুৰি চৰিব, তাত শুব আৰু ডালবোৰ খাব।

11 তাৰ ডাল যেতিয়া শুকাই যায়, তেতিয়া সেইবোৰ ভাঙি যাব; আৰু মহিলাসকলে আহি সেইবোৰ লৈ জুই ধৰিব; কিয়নো এই লোকসকল বিবেচনা শক্তি থকা লোক নহয়; এই হেতুকে তাৰ সৃষ্টিৰ্কতাই তাক দয়া নকৰিব, আৰু তেওঁৰ নিৰ্ম্মাণকৰ্ত্তাই তাক কৃপা নকৰিব।

12 সেই দিনা এই সকলো ঘটিব, যিহোৱাই ফৰাৎ নদীৰ বৈ যোৱা সোঁতৰ পৰা মিচৰৰ জুৰিলৈকে সম্পূৰ্ণ পৰাস্ত কৰিব; আৰু হে ইস্ৰায়েলৰ লোকসকল তোমালোকক এটা এটা কৈ গোট খোৱা হ’ব।

13 সেই দিনা এটা ডাঙৰ শিঙা বজোৱা হ’ব; আৰু অচূৰ দেশত নষ্ট হ’ব লগাসকল আৰু মিচৰ দেশলৈ বন্দী কৰি নিয়া লোকসকল আহিব; তেওঁলোকে যিৰূচালেমত থকা পবিত্ৰ পৰ্ব্বতত যিহোৱাৰ আৰাধনা কৰিব।

Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0