বাইবেল · Indian Revised Version (Assamese)
ইফিচীয়া পত্ৰ 3
1 এই কাৰণে মই পৌল, আপোনালোক অনা-ইহুদী লোকৰ কাৰণে খ্রীষ্ট যীচুৰ এজন বন্দী।
2 আপোনালোকে শুনিছে যে আপোনালোকৰ কাৰণে ঈশ্বৰৰ অনুগ্ৰহৰ কার্যৰ ভাৰ তেওঁ মোক দিলে।
3 ঈশ্বৰে তেওঁৰ সত্যৰ নিগূঢ়-তত্ব মোক জানিবলৈ দিলে। এই বিষয়ে মই আপোনালোকলৈ আগেয়ে অলপ লিখিছিলো।
4 আপোনালোকে সেইবোৰ পঢ়িলে, খ্ৰীষ্ট সম্বন্ধীয় সত্যৰ এই নিগূঢ় তত্বত মোৰ অন্তর্দৃষ্টি বুজিব পাৰিব।
5 সেই নিগূঢ় তত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্র ভাৱবাদী আৰু পাঁচনি সকলৰ ওচৰত প্রকাশ কৰা হ’ল, আগৰ যুগৰ ব্যক্তি সকলৰ ওচৰত এই ভাবত জনোৱা হোৱা নাছিল।
6 সেই নিগূঢ়-তত্ব এই- শুভবার্তাৰ দ্বাৰাই অনা-ইহুদী সকল খ্ৰীষ্ট যীচুত যুক্ত হৈ ইহুদী সকলৰ সৈতে সহ অধিকাৰী, এক শৰীৰৰ সদস্য আৰু প্ৰতিজ্ঞাত সহভাগী হয়।
7 ঈশ্বৰে নিজৰ পৰাক্ৰম কাৰ্য সাধন কৰি মোক যি অনুগ্রহ দিলে, ঈশ্বৰৰ সেই বিশেষ অনুগ্ৰহ দানৰ ফলত শুভবার্তা প্রচাৰ কৰাৰ কাৰণে মই এজন দাস হ’লো।
8 ঈশ্বৰৰ পবিত্ৰ লোক সকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য; তথাপি ঈশ্বৰে মোক এই বৰ দান কৰিলে, যাতে মই খ্রীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবার্তা অনা-ইহুদী সকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ;
9 আৰু সকলো বস্তুৰে সৃষ্টিকর্তা ঈশ্বৰৰ নিগূঢ় পৰিকল্পনাৰ কথা সকলোকে জনাওঁ৷ এই নিগূঢ় সত্য পূৰ্ব কালৰে পৰা ঈশ্বৰৰ দ্বাৰা গুপ্ত আছিল।
10 ঈশ্বৰৰ ইচ্ছা এই যেন মণ্ডলীৰ যোগেদি স্বর্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্রাপ্ত শাসনকৰ্তা সকলৰ ওচৰত ঈশ্বৰৰ জ্ঞান জনোৱা হয়;
11 তাতে তেওঁ আমাৰ খ্রীষ্ট যীচুত নিজৰ অনন্ত কালৰ পৰিকল্পনা অনুসাৰে কার্য কৰিলে।
12 খ্রীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই আমি সাহস আৰু দৃঢ় প্ৰত্যয়েৰে সৈতে ঈশ্বৰৰ সন্মুখলৈ আহিব ক্ষমতা পালোঁ।
13 গতিকে মোৰ নিবেদন এই যে, আপোনালোকৰ কাৰণে মই ক্লেশ ভোগ কৰিছোঁ বাবে আপোনালোক যেন নিৰুৎসাহ নহয়; সেই সকলোবোৰ আপোনালোকৰ গৌৰৱৰ বাবেই হৈছে।
14 এই কাৰণে মই পিতৃৰ ওচৰত আঁঠু লৈছোঁ।
15 সেই পিতৃৰ পৰাই স্বৰ্গত আৰু পৃথিৱীত থকা প্রত্যেক পৰিয়ালে নাম পাইছে; তেওঁৰ পৰাই সকলো প্রাণীক সৃষ্টি কৰা হৈছে।
16 ঈশ্বৰে নিজৰ প্ৰতাপৰ ধন অনুসাৰে এনে শক্তি আপোনালোকক দান কৰক যাতে, তেওঁৰ আত্মাৰ দ্বাৰাই আপোনালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়।
17 বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ হৃদয়বোৰত খ্ৰীষ্ট নিবাস কৰক, যাতে আপোনালোক তেওঁৰ প্রেমৰ ভিত্তিমূলত শিপা ধৰি সুদৃঢ় হয়।
18 তাতে আপোনালোক আৰু ঈশ্বৰৰ সকলো পবিত্র লোক সকলে যেন খ্রীষ্টৰ প্রেমৰ গভীৰতা, উচ্চতা, দৈর্ঘ্যতা আৰু বিস্তাৰতা বুজি পাব পাৰে।
19 খ্রীষ্টৰ অদ্বিতীয় মহান প্রেম যেন আপোনালোকে উপলদ্ধি কৰিব পাৰে, তাতে ঈশ্বৰৰ সকলো পৰিপূর্ণতাৰে আপোনালোক পূর্ণ হব।
20 আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।
21 মণ্ডলীত আৰু খ্ৰীষ্ট যীচুত যুগে যুগে সদাসর্ব্বদায় তেওঁৰেই মহিমা হওক। আমেন।
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0