বাইবেল · Indian Revised Version (Assamese)
2 কৰিন্থীয়া 2
1 সেয়েহে কিছুমান দুখজনক পৰিস্থিতিৰ বাবে পুনৰাই আপোনালোকৰ ওচৰলৈ নাযাওঁ বুলি মই নিজৰ বিষয়ত বিবেচনা কৰিলোঁ৷
2 কিয়নো মই যদি আপোনালোকক বেজাৰ দিওঁ তেনেহলে মোক আনন্দিত কৰোঁতা কোন থাকিব? কেৱল মোৰ দ্বাৰাই বেজাৰ পোৱা সেই লোকেই থাকিব?
3 আৰু এই সকলোবোৰ কথা লিখিলোঁ, যাতে যেতিয়া মই আহিম, তেতিয়া যি জনৰ ওচৰৰ পৰা আমি আনন্দ পোৱা উচিত, সেই জনৰ পৰা যেন দুখ পাবলগীয়া নহয়। কিয়নো আপোনালোকৰ বিষয়ে মোৰ দৃঢ় বিশ্বাস এই যে, আমাৰ আনন্দত আপোনালোক সকলোৱে আনন্দিত হব।।
4 বহু কষ্ট, মনো-বেদনা, আৰু চকুৰপানীৰে আপোনালোকলৈ লিখিলোঁ। মই আপোনালোকক দুখ দিবলৈ বিচৰা নাই, কিন্তু বুজাবলৈ বিচাৰিছোঁ যে, মই আপোনালোকক কিমান প্ৰেম কৰোঁ।
5 কিন্তু কোনোৱে যদি দুখ দি থাকে, তেনেহলে তেওঁ অকল মোক দুখ দিলে এনে নহয়; বেছি বঢ়াই নকলেও মই এটা কথা কওঁ যে, তেওঁ আপোনালোক সকলোকে দুখ দিলে।
6 এনে মানুহলৈ অধিক ভাগ লোকে দিয়া শাস্তিয়েই যথেষ্ট।
7 এতেকে তাতকৈ এনে মানুহক আপোনালোকে ক্ষমা কৰক আৰু সান্ত্বনা দিয়া উচিত। নহলে তেওঁ হয়তো অতিৰিক্ত মনৰ দুখত হতাশ হৈ পৰিব।
8 মই আপোনালোকক উৎসাহিত কৰিছোঁ, এনে ব্যক্তিক যে আপোনালোকে এতিয়াও প্ৰেম কৰে, ইয়াকে মুকলিভাবে বুজিব দিয়ক৷
9 কিয়নো সকলো বিষয়ত আপোনালোক আজ্ঞাধীন হয় নে নহয়, তাৰ প্ৰমাণ পোৱাৰ আশয়েৰে লিখিলোঁ।
10 যদি আপোনালোকে কোনো এজনৰ দোষ ক্ষমা কৰে, তেনেহলে ময়ো সেইদৰে ক্ষমা কৰোঁ৷ এই কাৰণে মই যদি কিবা ক্ষমা কৰিলোঁ, তেনেহলে যি ক্ষমা কৰিলোঁ, খ্ৰীষ্টৰ সাক্ষাতে আপোনালোকৰ কাৰণেই ইয়াক কৰিলোঁ;
11 কিয়নো চয়তানে যেন আমাৰ ওপৰত ছল নাপায়৷ কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ।
12 খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে মই ত্রোৱা নগৰলৈ আহোতে, যদিও প্ৰভুৰ দ্বাৰাই মোলৈ এখন দুৱাৰ মুকলি কৰা হৈছিল,
13 মোৰ ভাই তীতক তাতে লগ নোপোৱাত, মোৰ আত্মাত একো শান্তি নাপালোঁ; সেয়েহে তেওঁলোকক এৰি বিদায় লৈ মাকিদনিয়ালৈ আহিলোঁ।
14 কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে।
15 কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ।
16 যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে?
17 কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ; কিন্তু অকপটতাৰে কোৱাৰ দৰে, আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে, আমি ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।
Indian Revised Version (Assamese) — © 2017, 2018 Bridge Connectivity Solutions — CC BY-SA 4.0